হাউলীত জমিয়তে আহলে হাদীছ অসমৰ সাধাৰণ সভা সম্পন্ন

 08/25/2019 - 18:12

হাউলীঃ জমিয়তে আহলে হাদীছ অসমৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা আজি হাউলীৰ ইটাৰভিটা হেলনাৰপামৰ জামিয়া ইছলামিয়া ছালাফীয়া আৰবী কলেজ প্ৰাঙ্গণত জমিয়তে আহলে হাদীছ অসমৰ ৰাজ্যিক সভাপতি জামাল উদ্দিন ছালাফীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাৰ জমিয়তে আহলে হাদীছ অসমৰ সাধাৰণ সম্পাদক মৌলানা নবাব আলীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় অৰ্ধ শাতাধিক প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত জমিয়তে আহলে হাদীছ অসমৰ (ছালাফী গোট) আৰু (মাদানী গোট) দুটা একত্রিত কৰিবলৈ জমিয়তে আহলে হাদীছৰ সৰ্বভাৰতীয় কমিটীক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। মুখছেদুল মাদানীক বাহিৰত ৰাখি শীঘ্ৰে জমিয়তে আহলে হাদীছ অসমৰ ৰাজ্যিক কমিটীখন নতুনকৈ গঠন কৰিবলৈ জমিয়তে আহলে হাদীছৰ কেন্দ্ৰীয় কমিটীক অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

অহা ডিচেম্বৰ মাহত জমিয়তে আহলে হাদীছ অসমৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সভাই সিদ্বান্ত গ্ৰহণ কৰে। জমিয়তে আহলে হাদীছ অসমৰ উপ সভাপতি অধ্যাপক মজিবুৰ ৰহমান, আঃৰহিম, আয়নাল হক, ৰৌশন আলী, ৰমজান আলী, মুস্তাফিজুৰ ৰহমান, নাজিমুদ্দিন দেৱানসহ ভালে সংখ্যক নেতাকৰ্মী সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।