চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ নমুনাঃ এম্বুলেঞ্চৰ পৰিৱৰ্তে ৰাজপথত চলিল চিকিৎসালয়ৰ ষ্ট্ৰেছাৰ

 08/25/2019 - 19:08

কামপুৰঃ শনিবাৰৰ নিশা নগাঁও জিলাৰ কঠিয়াতলিৰ টুবুকিত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। প্ৰেমজনিত কাৰণতে দুই পক্ষৰ মাজত হয় সংঘৰ্ষ। সংঘৰ্ষত দাৰে ঘপিয়াই আহত কৰে ককাক মমনাচ আলীক। লগে লগে কঠিয়াতলি উপ স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় ককাক মমনাচ আলীয়ে।

পৰৱৰ্তী সময়ত ষ্ট্ৰেছাৰত মৃতদেহ লৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কঠিয়াতলি আৰক্ষী চকীত উপস্থিত হয় পৰিয়াল তথা স্থানীয় লোক। হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ দাবী তোলে পৰিয়ালৰ লোকে। এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ ৰোগীক এনেদৰে ষ্ট্ৰেছাৰত লৈ যোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।