মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা বজাৰ অঞ্চলত ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজৰ বাবে বিশুদ্ধ আৰু স্বাস্থ্য সন্মত খোৱা পানীৰ সমস্যা দূৰীকৰণাৰ্থে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ চি এছ আৰ সামাজিক উন্নয়ন আঁচনি (Corporate Social Responsibility) পুঁজিৰ অধীনত এটা অত্যাধুনিক খোৱা পানী প্ৰকল্প আজি স্থাপন কৰা হয়৷
আজি মাৰ্ঘেৰিটা বজাৰ (Lower Market)ত ক’ল ইণ্ডিয়াই আৰ্থিক সহায় আগবঢ়োৱা আৰু মাৰোৱাৰী যুৱ মঞ্চই নিৰ্মাণ সম্পূৰ্ণ কৰা আৰ অ অৰ্থাৎ Reverse Osmosis পদ্ধতিৰে বিশুদ্ধকৰণ কৰা শীতল খোৱা পানীৰ প্ৰকল্পটো মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধক যোগল কুমাৰ বৰা আৰু মহকুমাধিপতি সুমিত সত্তাৱনৰ উপস্থিতিত উদ্বোধন কৰি ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি দিয়ে৷
উক্ত অনুষ্ঠানতে এই প্ৰকল্পটোৰ বাবে পুঁজিৰ যোগান ধৰা উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ মহাপ্ৰবন্ধক যুগল বৰাই আজি ৰাজহুৱাভাৱে সমগ্ৰ নগৰখনৰ বাবে অন্যান্য অঞ্চলতো চি এছ আৰ পুঁজিৰ অধীনত এনে খোৱাপানীৰ প্ৰকল্প স্থাপনৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ যে মাৰ্ঘেৰিটা বজাৰলৈ অহা গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ দীৰ্ঘদিনীয়া এটা অভাৱ পূৰণ হয়৷