বিজেপিক মিথ্যাচাৰী দল আখ্যা পৃথিৱী মাঝিৰ

 04/03/2019 - 12:29

ডিব্ৰুগড়: আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ফুকনৰ খাত মণ্ডল কংগ্ৰেছৰ উদ্যোগত চেতিয়াপাৰা জিকমিক সংঘৰ ৰাজহুৱা খেলপথাৰ প্ৰাংগণত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

ফুকনৰ খাত মণ্ডল কংগ্ৰেছৰ সভাপতি পুলেন গোহাঁইৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে বিজেপি নেতৃত্বাধীন মোদী চৰকাৰক ক্ষোৰধাৰ সমালোচনা কৰে। আগন্ত্তক লোকসভাৰ নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবলৈ ৰাইজক টঙালী বান্ধি ওলাই আহিবলৈ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

লগতে বিজেপি মিথ্যাচাৰী দল বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ফুকনৰ খাত মণ্ডলৰ সম্পাদক ভৱানী কোঁৱৰে আঁতধৰা সভাখনত জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অনন্ত কুমাৰ গগৈ, বিনোদ বুঢ়াগোহাঁই, প্ৰদীপ মাঝি, লাহোৱাল ব্লক কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ গগৈ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।