মাৰ্ঘেৰিটাঃ ২০ শতাংশ দুৰ্গা পূজাৰ বোনাছ চাহ বাগানৰ কোম্পানীয়ে চাহ শ্ৰমিকসকলক প্ৰদান কৰিবই লাগিব। ইয়াৰ অন্যথা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে। আজি মাৰ্ঘেৰিটাৰ উন্নয়ণ খণ্ড সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত নাগে কয় অসম চাহ কোম্পানীয়ে দীৰ্ঘদিনে চাহ শ্ৰমিকসকলক প্ৰবঞ্চনা কৰি আহিছে আৰু এইবাৰো যি কুটকৌশল ৰচনা কৰিছে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়িব আছাই।
সংগঠনটোৱে ৮.৩৩ শতাংশ বোনাচ কোনোপধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি ২০ শতাংশ বোনাচ নিদিলে চাহ বাগিচাসমূহত তলা লগাবলৈ আছা বাধ্য হ’ব বুলি সকীয়াই দিয়ে। বিজেপি দলে চৰকাৰ গঠন কৰাৰ পূৰ্বে আৰু চৰকাৰ গঠন কৰাৰ পাছত চাহ জনগোষ্ঠী ৰাইজৰ সমস্যা সমাধান তথা দৰমহা ৩৫০ টকা পৰ্যন্ত কৰি দিয়া আশ্বাস দিছিলে যদিও বৰ্তমানলৈকে ৩৫০ টকা দৰমহাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে আছাই। বিজেপি চৰকাৰ গঠনত আছাৰ মুকলি সমৰ্থনৰ লগতে যথেষ্ট ভূমিকা আছিল বুলি নাগে মন্তব্য কৰি চৰকাৰে আদিবাসী ৰাইজৰ সমস্যা সমাধান নকৰিলে ফল ভোগ কৰিব লাগিব বুলি সকীয়াই দিয়ে।