গোলাঘাটত হাজাম সমাজৰ ‌দ্বাৰা কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

 08/25/2019 - 20:57

গোলাঘাটঃ বৰজানত হাজাম সমাজৰ দ্বাৰা সদৌ অসম ভিত্তিত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে ভৰত লাল হাজামে। তেওঁ কয় যে শিক্ষা হ’ল মানৱ জীৱনৰ ঘাই শিপা, শিক্ষাৰ অবিহনে একো কাম সামাধা কৰিব নোৱাৰি। কিন্তু ইয়াৰ ঘাই শিপাডাল বৰ তিতা। সভাত উপস্থিত থাকে বিভিন্ন প্ৰান্তৰ পৰা অহা কবি, সাহিত্যিক মৌছুম গগৈ, প্ৰফুল্ল ঠাকুৰ, ঘনশ্যম বাঢ়ৈ, জগদীশ বৰাইক।

আজিৰ অভিনন্দন অনুষ্ঠানত মুঠ ৪০ জন ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ভৰত লাল হাজামে পতাকা উত্তোলন আৰু প্ৰফুল্ল ঠাকুৰে স্মৃতি তৰ্পণ কৰা কাৰ্যসূচীত মূখ্য ভূমিকা পালন কৰে আঠাবাৰীৰ সমূহ শুভাকা্ংশী ৰাইজ তথা সমাজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।