মঙলদৈত চাইকেল চলাই কাঞ্চনজংঘাৰ প্ৰচাৰ

 08/25/2019 - 21:00

মঙলদৈঃ অহা ৬ চেপ্তেম্বৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ বাবে ব্যাপক প্ৰচাৰ আৰম্ভ হৈছে মঙলদৈত। জুবিন ফেন ক্লাৱৰ মঙলদৈ শাখাৰ উদ্যোগত চলিল প্ৰচাৰ। মঙলদৈৰ ভেবাৰঘাটৰ পৰা চাইকেল চলাই সমগ্ৰ মঙলদৈ চহৰত ফেন ক্লাৱৰ সদস্যসকলে চিনেমাখনৰ প্ৰচাৰ চলায়। লগতে কাঞ্চনজংঘা ছবিখন চাবলৈ সকলোকে আহ্বান জনায়। ২৭ আগষ্টত ছবিখনৰ প্ৰচাৰৰ বাবে মঙলদৈত উপস্থিত হ’ব জুবিন গাৰ্গসহ চিনেমাখনৰ সকলো কলা-কুশলী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।