জি এন আৰ চি স্বাস্থ্য মিত্ৰ এক্সিলেন্স এৱাৰ্ড সম্পন্ন

 08/26/2019 - 12:28

ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জি এন আৰ চিৰ দ্বিতীয় স্বাস্থ্য মিত্ৰ কৰ্মী সকলক বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত প্ৰায় ১৪০০স্বাস্থ্য মিত্ৰ উপস্থিত থাকে। ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ৮৩ গৰাকী স্বাস্থ্য মিত্ৰক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। স্বাস্থ্য মিত্ৰ সকলৰ কষ্ট, অৰিহনা আৰু সফলতাক ৰাজহুৱাকৈ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে প্ৰতিমাহে এই বঁটা প্ৰদান কৰি আহিছে। ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জি এন আৰ চিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে, সমগ্ৰ বিশ্বতে ১০০কোটিতকৈও অধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে।

উপযুক্ত চিকিৎসা সেৱা ব্যৱস্থাৰ জৰিয়তে নিৰোগী আৰু সবল সমাজ এখন আৰু এখন অথনৈতিক ভাৱে সমৃদ্ধিশালী দেশ গঢ়াৰ লক্ষ্য আগত ৰাখি ২০১৭বৰ্ষৰ আগষ্ট মাহত উত্তৰ পূৰ্বাঞ্চলৰ বক্তিগত খণ্ডৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান জি এন আৰ চিয়ে "ব্যয়সাধ্য অভিযান"ৰ সূচনা কৰিছিল। এই অভিযানৰ অন্তৰ্গত "স্বাস্থ্য মিত্ৰ" ৰুপে দায়িত্ব পালন কৰি ২৫০০ ৰো অধিক ব্যক্তিয়ে অসমৰ চোকে কোণে এক কোটিতকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিছে। সমগ্ৰ বিশ্বৰে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ আওতালৈ অনাটো এক জটিল প্ৰক্ৰিয়া।

মানুহক সংগঠিত কৰি, স্বাস্থ্য সম্পৰ্কে শিক্ষা প্ৰদান কৰি, তেওঁলোকৰ মাজত থাকি নিৰৱচ্ছিন্নভাৱে স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজন সাপেক্ষে জৰুৰী কালীন ৰোগৰ ক্ষেত্ৰত হাস্পাতাল ভৰ্তি কৰোৱাকে ধৰি বহু কেইটা দিশ সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ পৰা দুবছৰ আগত ব্যয়সাধ্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল বুলি কয়। এই বঁটা প্ৰদান অনুষ্ঠানত খ্যাতনামা অভিনেত্ৰী আৰু নৃত্য পটিয়সী মাধুৰিমা চৌধুৰী, কণ্ঠশাল্পী মহেন্দ্ৰ হাজৰিকা, কৃষ্ণমণি চুতীয়া আৰু জীনা ৰাজকুমাৰী এই অনুষ্ঠানত সন্মানীয় অতিথি ৰুপে উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।