বাক্সাৰ সোনপেৰাবড়ীত ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ

 08/26/2019 - 13:05

শালবাৰীঃ বাক্সাৰ শালবাৰীৰ সোনপেৰাবড়ীত বৰফেনা প্ৰাইমাৰী যুৱ বিপিএফৰ উদ্যোগত আয়োজন কৰা ফুটবল প্ৰতিযোগিতাখন দেওবাৰৰ পৰা আৰম্ভ হৈছে। ৩০ টাকৈ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিখন উদ্বোধন কৰে টি এল চি চি অধ্যক্ষ ভুৱনেশ্বৰ গয়াৰীয়ে।

উদ্বোধনী অনুষ্ঠানত ভূৱনেশ্বৰ গয়াৰীয়ে ফুটবল প্ৰতিযোগিতাখনৰ দ্বাৰা যুৱ প্ৰজন্মৰ শাৰীৰিক, মানসিক বিকাশৰ লগতে ভাতৃত্ববোধ বজাই ৰখাৰ উদ্দেশ্যে খেলখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰে। আজি কাটাঝাৰ আৰু ডুমুৰুগুৰী দলৰ মাজত অনুষ্টিত উদ্বোধনী খেলখনত ডুমুৰুগুৰী ফুটবল দলে কাটাঝাৰ ফুটবল দলক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ প্ৰৱেশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।