দক্ষিণ কামৰুপৰ মিৰ্জাত অত্যাধুনীক শৰীৰচৰ্চাকেন্দ্ৰ মুকলি

 08/26/2019 - 13:36

মিৰ্জাঃ এখন সুস্থ সমাজ গঢ়িবলৈ এটি সুস্থ মনৰ প্ৰয়োজন, এটি সুস্থ মনৰ অধিকাৰী হ'বলৈ সুস্বাস্থ্যৱান হোৱাটো জৰুৰী। মানুহে সুস্বাস্থ্যৰ বাবে নিয়মিত শৰীৰ চৰ্চা অতিকৈ দৰকাৰী। সেয়েহে মানুহৰ সুস্থ শৰীৰ গঢ়াৰ নিমিত্তে দক্ষিণ কামৰুপৰ মিৰ্জাত পুৰুষ-মহিলা উভয়ৰে বাবে আজিৰ পৰা আৰম্ভ হ'ল Fitness Evolution Gym নামৰ এটি শৰীৰ চৰ্চা কেন্দ্ৰ। অত্যাধুনিক সা-সৰঞ্জামযুক্ত এই শৰীৰচৰ্চা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে Mr.World মহাদেৱ ডেকা, জেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া, অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি বিশিষ্ট ব্যক্তিসকল।

এনেকুৱাধৰনৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ জড়িয়তে যুৱচামে বিভিন্ন প্ৰেক্ষাপটতো উজ্বলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাই। বিভিন্ন ঠাইত এনেকুৱা অত্যাধুনিক শৰীৰচৰ্চা কেন্দ্ৰ স্থাপন হ'লে মানুহৰ মনৰ লগতে পৰিৱেশো সুন্দৰ হ'ব বুলি জনায় শৰীৰচৰ্চাবিধজনে। আনহাতে শৰীৰচৰ্চাতো কেৱল পুৰুষ নহয় মহিলাৰ বাবেও অতিকৈ প্ৰয়োজনীয়। আৰু শৰীৰচৰ্চা দ্বাৰা কেৱল শৰীৰেই যে ভাল হ'ব তেনে নহয় বিভিন্ন ৰোগ নোহোৱা হয় লগতে ভাল প্ৰশিক্ষকৰ দ্বাৰা শৰীৰচৰ্চা কৰিলে মহিলাসকলো উপকৃত হ'ব বুলি মন্তব্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।