পুনৰ ৰাজনৈতিক পথাৰত খোজ দিব মুন্নাভাইয়ে

 08/26/2019 - 14:17

ডিজিটেল ডেস্কঃ বলীউড তাৰকা সঞ্জয় দত্তই প্ৰায় ১০ বছৰৰ পিছত পুনৰ ৰাজনৈতিক জগতত খোজ দিয়াৰ প্ৰস্তুতি চলাইছে। মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰীয়ে সদৰী কৰিছে এই তথ্য। আৰএছপি দলৰ প্ৰতিষ্ঠাপক তথা কেবিনেট মন্ত্ৰী মহাদেব জানকৰে কয় যে সঞ্জয় দত্তই ২৫ ছেপ্টেম্বৰত যোগদান কৰিব তেওঁৰ দলত। উল্লেখযোগ্য যে শাসকীয় বিজেপিৰ সহযোগী দল আৰএছপি।

দুগ্ধ উন্নয়ন‌ মন্ত্ৰী মহাদেৱ জানকৰে এক দলীয় কাৰ্যসূচীত কয় যে দলৰ বিকাশৰ বাবে দেশৰ ছবি জগতসমূহত আৰম্ভ কৰিছে কাৰ্যসূচীসমূহ আৰু সেই বাবে ‌দেশৰ বহু তাৰকা এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত ধাপলি মেলিছে। যাৰ বাবে অভিনেতা সঞ্জয় দত্তই ২৫ ছেপ্টেম্বৰত যোগদান কৰিব ৰাষ্ট্ৰীয় সমাজ পক্ষ চমুকৈ আৰএছপি দলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।