চামগুৰিত ৰাইজে কৰায়ত্ব কৰিলে নাৰী সৰবৰাহকাৰীক

 08/26/2019 - 14:38

চামগুৰিঃ চামগুৰিৰ শিয়াল খাইটিত নিশা ৰাইজে কৰায়ত্ব কৰিলে এটা নাৰী সৰবৰাহকাৰীক। জানিব পৰামতে ৫০হাজাৰ টকাৰ বিনিময়ত তিনি গৰাকী যুৱতী কিনি নিয়াৰ কথা দিছিল ধৃত হুছেইন আলী ওৰফে ৰাজুৱে। তিনি গৰাকী যুৱতী দিয়া হ’ব বুলি ৰাজুক শিয়াল খাইটিলৈ ফুচুলাই মাতিছিল এগৰাকী যুৱতীয়ে।

পৰ্বেও ৰাজুৱে গাওঁ খনৰ দুগৰাকীকৈ যুৱতী হাইদৰাবাদত বিক্ৰী কৰাৰ অভিযোগ আছিল হুছেইন আলীৰ বিৰুদ্ধে। এগৰাকীৰ আজি পৰ্য্যন্ত সন্ধান নাই, এগৰাকী পলাই আহি পাইছিল নিজৰ ঘৰ। সম্প্ৰতি ধৃত হুছেইন আলী ওৰফে ৰাজুক ৰাইজে গটাই দিলে চামগুৰি আৰক্ষীক। উল্লেখ্য যে সন্ধানহীন যুৱতী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।