এনআৰচি সন্দৰ্ভত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত সজাগতা সভা

 08/26/2019 - 14:57

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন সন্দৰ্ভত জিলাখনৰ আৰক্ষী প্ৰশাসনে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছে। মানকাচৰৰ কাকৰীপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত ঠাকুৰানবাৰী, ঝগৰাৰচৰ গাঁও পঞ্চায়তৰ ৰাইজৰ মাজত এনআৰচি সন্দৰ্ভত আয়োজন কৰা সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই কয় যে ৩১ আগষ্টত প্ৰকাশ হ’ব লগা এনআৰচিৰ পূৰ্ণাংগ তালিকাত যদিহে কোনো নাগৰিকৰ নাম কেনেবাকৈ বাদ পৰে তাৰ কাৰণে কোনো ধৰণৰ শংকা কৰিব নালাগে।

কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ৰাইজৰ শান্তিৰ বাবে আৰু আইন শৃংখলাৰ নিয়ন্ত্ৰনৰ বাবে এনে ব্যৱস্থা হাতত লোৱা হৈছে বুলি জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই সদৰী কৰে। সজাগতা সভাখনত আৰক্ষী অধীক্ষকৰ উপৰি সীমা সুৰক্ষা বাহিনীৰ সেনা নায়ক, সমাজ কৰ্মী আশ্ৰাফ আলী, নাছিৰ হোচেন উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।