বৰপেটাত দুদিনীয়াকৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন

 04/03/2019 - 13:51

বৰপেটা: নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যৰ চৌদিশে চলিছে ব'হাগক আদৰাৰ প্ৰস্তুতি৷ পিছপৰি থকা নাই বৰপেটাবাসী ৰাইজো৷ বিগত কেইবছৰৰ দৰে এইবাৰো সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতিয়ে ব্যাপক পৰিকল্পনা আৰু প্ৰস্তুতিৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰিছে৷

অহা ১৩,১৪ ব'হাগ ইংৰাজী ২৭,২৮ এপ্ৰিল শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটা পৌৰসভা খেলপথাৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে৷ ৰঙালী বিহু সন্মিলন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে প্ৰাক্তন বিধায়ক ডা: তাৰা প্ৰসাদ দাসক সভাপতি, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসক কাৰ্যকৰী সভাপতি, দেৱাদীব দাসক মুখ্য সম্পাদক আৰু সঞ্জীৱ ওজা, সত্যেন্দ্ৰ নাথ দাস আৰু বিদ্যুৎ দাসক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

কাৰ্যসূচী অনুসৰি, ১৩ ব'হাগ ইংৰাজী ২৭ এপ্ৰিল শনিবাৰে পুৱা বিহুৰ পতাকা উত্তোলন কৰিব সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ডা: তাৰা প্ৰসাদ দাসে৷ শ্বহীদ তৰ্পণ অনুষ্ঠান মুকলি কৰিব বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গুণীন্দ্ৰ নাথ দাসে৷

পুৱা দহ বজাত সৰভোগ সমষ্টিৰ বিধায়ক তথা হাউচফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব৷ সাংস্কৃতিক শোভাযাত্ৰাত অন্যান্য সাংস্কৃতিক দলসমূহৰ লগতে বিহু দলসমূহেও অংশগ্ৰহণ কৰিব৷ উল্লেখ্য যে, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিটো বিহু দলক প্ৰতিযোগী দলৰূপে গণ্য কৰা হ'ব৷

শোভাযাত্ৰাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিহু দলসমূহৰপৰাই শ্ৰেষ্ঠ বিহু দল বাছনি কৰা হ'ব৷ প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিহু দলক ক্ৰমে দহ হেজাৰ এক টকা,সাত হেজাৰ এক টকা আৰু পাঁচ হেজাৰ এক টকাৰে পুৰস্কৃত কৰা হ'ব৷ ইচ্ছুক বিহুদলসমূহক আগতীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

ইপিনে প্ৰথম দিনা সন্ধিয়া স্থানীয় শিল্পীসকলৰ লগতে জনপ্ৰিয় কণ্ঠ শিল্পী মৌচুমী চহৰীয়াই বিহু মঞ্চত সংগীতানুষ্ঠান পৰিবেশন কৰিব৷ ১৪ ব'হাগ ইংৰাজী ২৮ এপ্ৰিল দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত চাফাই অভিযান,বৃক্ষৰোপণ,চিত্ৰাংকন, ভেশচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব সন্ধিয়াৰ ভাগত বিহু মঞ্চত স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে, বঁটা বিতৰণী সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হ'ব৷

নিশা জনপ্ৰিয় কণ্ঠ শিল্পী নীল আকাশ আৰু সংগীবৃন্দই সংগীতানুষ্ঠান পৰিবেশন কৰিব ৷ দুয়োদিনৰ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰাৰ লগতে বিতং তথ্যৰ বাবে ৯৭০৬৪৯২৯৭৮ আৰু ৯৭০৬৪২৭৫২৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।