এশবছৰীয়া পৰম্পৰাৰে মানকাচৰৰ ঐতিহাসিক গোপাল মন্দিৰত জন্মাষ্টমী পালন

 08/26/2019 - 15:04

দক্ষিণ শালমাৰাঃ ঐতিহ্যমণ্ডিত মানকাচৰৰ শ্ৰীশ্ৰী গোপাল বিগ্ৰ মন্দিৰত দুদিনীয়া বণাৰ্ঢ্য কাৰ্য্যসূচীৰে জন্মাষ্টমী পালন কৰে। এশবছৰীয়া পৰম্পৰাৰে জন্মাষ্টমী উপলক্ষে কীৰ্তন, ভজন, গীত নৃত্য অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত পৰম্পৰাগত কৃষ্টি উপভোগ কৰিবলৈ অগণন ৰাইজ সমবেত হৈ উদুলি মুদুলি পৰিবেশৰ সৃষ্টি কৰে।

মন কৰিব লগীয়া যে দুদিনীয়া এই জন্মাষ্টমী উৎসৱত উদযাপন সমিতিৰ সভাপতি তথা পূজাৰী শিব কুমাৰ ঝা, সম্পাদক দিলীপ ৰয়, ৰীতাধৰ সাহা, সুশীল সাহাকে ধৰি বহু কৰ্মকৰ্তাই পৰিশ্ৰম কৰি জন্মাষ্টমী উৎসৱ সাফল্যমণ্ডিত কৰি তুলে। ভাৰত বাংলাদেশ সীমান্তত নিয়োজিত সীমান্তৰক্ষী বাহিনীৰ বিষয়া জোৱানেও উক্ত জন্মাষ্টমী উৎসৱত উপস্থিত থাকি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।