বগীনদী ভীমপৰা আঞ্চলিক আমছুৰ শপত গ্ৰহণ অনুষ্ঠান

 08/26/2019 - 15:11

লখিমপুৰঃ সংখ্যালঘু ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধীনৰ নৱগঠিত বগীনদী-ভীমপৰা আঞ্চলিক আমছুৰ সমিতিখনৰ দেওবাৰে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ বগীনদী পি জি আৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ সভাপতিত্ব কৰে লখিমপুৰ জিলা আমছুৰ কাৰ্যকৰী সভাপতি ফাৰুকুদ্দিন আহমেদে৷

উল্লেখ্যযোগ্য যে যোৱা ১৮ আগষ্টত হেচামৰাৰ নৱোদয় প্ৰাথমিক বিদ্যালয়ত বগীনদী-ভীমপৰা আঞ্চলিক আমছুৰ সমিতিখন গঠন কৰা হৈছিল৷ নুৰ মহম্মদ আলিক সভাপতি আৰু আৱাল হুছেইন, আব্দুল বাচিৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল৷

দেওবাৰে নৱগঠিত সমিতিখনৰ বিষয়ববীয়াসকলক শপত বাক্য পাঠ কৰোৱাই লখিমপুৰ জিলা আমছুৰ কাৰ্যকৰী সভাপতি ফাৰুকুদ্দিন আহমেদে৷ শপত গ্ৰহণ অনুষ্ঠানত লখিমপুৰ জিলা আমছুৰ উপঃ সভাপতি ৰুস্তম আলি, নুৰুজ আলী, জিলা আমছুৰ সম্পাদক জীয়াৰুল ইছলাম, ছয়জুল ইছলাম আদি উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।