খাৰুপেটীয়াত তিনি দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

 08/26/2019 - 15:21

খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি পুৱতি নিশা বিভিন্ন ঠাইত অভিযান চলাই তিনি দুৰ্ধৰ্ষ ডকাইত আটক কৰে। আৰক্ষীয়ে আটক কৰা ডকাইত তিনিজন হ’ল ক্ৰমে হাফিজুৰ আলী (টিলাপট্ৰী) সমৰাজ আলী (এন চি খাৰুপেটীয়া) আৰু বাহাজুল আলী (নিমতলি)। আটকাধীন ডকাইত তিনি গৰাকী গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত মষ্ট ৱান্টেড হৈ আছিল। ডকাইতৰ পৰা ৪০০০ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা তিনি ডকাইতক জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।