মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

 08/26/2019 - 15:50

ধুবুৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মিয়মান বৃহৎ নদীবান্ধসমূহ বন্ধ কৰাৰ লগতে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত মাৰ্ঘেৰিটাত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত উত্তৰ মাৰ্ঘেৰিটা ৰংঙ্গ মঞ্চত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মিয়মান বৃহত নদীবান্ধসমূহ বন্ধ কৰাৰ দাবী জনাই সংগঠনটোৱে । ইয়াৰ লগতে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবী কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই। অন্যথা যুৱ-ছাত্ৰ পৰিষদে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ দিয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।