মোদী চৰকাৰে আঁতৰালে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ SPG নিৰাপত্তা

 08/26/2019 - 15:53

ডিজিটেল ডেস্কঃ মোদী চৰকাৰে আঁতৰালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ SPG নিৰাপত্তা। এতিয়া মনমোহন সিঙে লাভ কৰিব Z+ নিৰাপত্তা। গৃহ মন্ত্ৰণালয়ে পত্ৰযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক জনালে এই কথা। মোদী চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া SPG নিৰাপত্তা কেৱল চাৰিগৰাকী লোকৰহে থাকিব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ থাকিব SPG নিৰাপত্তা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।