জাগীৰােডত কংগ্ৰেছ নেত্রীৰ গাড়ীত দুৰ্বৃত্তৰ আক্রমণ

 04/03/2019 - 14:14

জাগীৰােডঃ ৰাজ্যত দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লােকসভা সমষ্টিৰ নির্বাচনী প্রচাৰ তীব্রতৰ হােৱাৰ সময়তে জাগীৰােডত দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্রস্ত হয় এগৰাকী কংগ্ৰেছী নেত্ৰীয়ে ব্যৱহাৰ কৰা এখন বাহন।

অসম প্রদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা জাগীৰােড সমষ্টিৰ নির্বাচনী পর্যবেক্ষক কৃষ্ণা দাসৰ ইন’ভা গাড়ীখন জাগীৰােডৰ নিজৰাপাৰৰ ভাড়াঘৰত বাহিৰত থৈ দিয়া অৱস্থাতে দুৰ্বৃত্তই নিশা ক্ষতিগ্রস্ত কৰাক লৈ অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে এ এছ-০১ এ পি-৭৯১৯ নম্বৰৰ ইন’ভাখনেৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নগাঁও লােকসভা সমষ্টিৰ প্রার্থী প্রদ্যুৎ বৰদলৈৰ হৈ নির্বাচনী প্রচাৰত ব্যস্ত আছিল। দলীয় কাম-কাজ পৰিচালনাৰ সুবিধার্থে জাগীৰােডৰ নিজৰাপাৰত এটা ঘৰ ভাড়া কৰি থাকে কংগ্রেছ নেত্ৰীগৰাকীয়ে। ভাড়া ঘৰৰ বাহিৰত ৰখা অৱস্থাতে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰি ইন’ভাখনৰ আইনা ভাঙে।

অৱশ্যে গাড়ীত থকা দলীয় কাগজপত্র তথা অন্য সামগ্ৰীৰ কোনাে ক্ষয়-ক্ষতি হােৱা নাই। কংগ্ৰেছ দলৰ তৰফৰ পৰা এই ঘটনা সন্দৰ্ভত জাগীৰােড আৰক্ষীক অৱগত কৰােৱাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

কংগ্ৰেছ দলে এই ঘটনাত উদ্বেগ প্রকাশ কৰিলেও কাৰাে প্রতি সন্দেহৰ আঙুলি টোওৱা নাই।

উল্লেখ্য যে নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লােকসভা সমষ্টিত বিজেপিৰ প্রার্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্রার্থী প্রদ্যুৎ বৰদলৈৰ নির্বাচনী প্রচাৰ তীব্ৰতৰ হৈ পৰিছে। দুয়ােটা দলৰ নেতা-কর্মী নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।