বৰপেটা পলিটেকনিকত অস্থায়ী প্ৰৱক্তাৰ কৰ্ম বিৰতি কাৰ্যসূচী

 08/26/2019 - 16:06

বৰপেটাঃ বৰপেটা গণককুছিস্থিত বৰপেটা পলিটেকনিকত পৰিলক্ষিত হৈছে শৈক্ষিক অচলাৱস্থাৰ। মাথোঁ দুজন স্থায়ী প্ৰৱক্তা তথা ২০ জন অস্থায়ী প্ৰৱক্তাৰে চলি আছে বৰপেটা পলিটেকনিক। অসম চৰকাৰৰ দ্বাৰা পৰিচালিত ১১ খন নতুন পলিটেকনিক ক্ৰমে শিৱসাগৰ, গোলাঘাট, লক্ষিমপুৰ, শোণিতপুৰ, কামৰূপ, নলবাৰী, বৰপেটা, বৰমা, গোৱালপাৰা আৰু কৰিমগঞ্জ পলিটেকনিকৰ অতিথি অংশকালীন প্ৰৱক্তা।

২০১৭ চনৰ ১ এপ্ৰিলৰ পৰা সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি কাৰিকৰী শিক্ষা সঞ্চালকালয়, অসমে ২৫০০০ টকা মাহিলী পাৰিতোষিকৰ বিনিময়ত অতিথি অংশকালীন প্ৰৱক্তা হিচাপে নিযুক্তি দিয়ে। কিন্তু লক্ষণীয় ভাবে এই সকল অস্থায়ী প্ৰৱক্তাই স্থায়ী প্ৰৱক্তাৰ লেখিয়ায় নিজৰ কৰ্তব্য সম্পাদন কৰি আছে।

কিন্তু দুৰ্ভাগ্যজনক ভাবে এইসকল প্ৰৱক্তায় নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ নিজৰ কৰ্মৰ পৰা কৰ্মবিৰতী পালন কৰিবলৈ বাধ্য হৈ পৰিছে। তেওঁলোকৰ দাবী যে চৰকাৰে অনতিপলমে তেওঁলোকৰ মাহিলী পাৰিতোষিক নিয়মীয়াকৰণ কৰিব লাগে তথা AICTE'ৰ অধীনত অস্থায়ী প্ৰৱক্তা সকলক স্থায়ী প্ৰৱক্তা হিচাপে নিযুক্তি দি চাকৰি তথা দৰমহা নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।