বাক্সাৰ মইনামাতাত বিদ্যালয় গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ

 08/26/2019 - 16:11

খাৰিজা বিজনীঃ বিটিচি চৰকাৰৰ তৰফৰ পৰা আজি বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ মইনামাতা গাঁৱত বিদ্যালয় গৃহ নিৰ্মাণৰ কাম শুভ উদ্ধোধন কৰা হয়৷ ১৮৪ নং মইনামাতা প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপনত উপস্থিত থাকে ২০ নং মঠনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাস৷ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিদ্যালয় গৃহটোৰ বাবে অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে৷

উল্লেখ্য যে বিটিচি চৰকাৰৰ দ্বাৰা ২০ নং মঠনগুৰী সমষ্টিত বিদ্যালয় গৃহ, ভি চি ডি চিৰ কাৰ্যালয়, পকী পথ নিৰ্মাণ আদিৰ দৰে উন্নয়নমূলক কাম কৰি অহা বুলি এমচিএলএ গৌতম দাসে জানিবলৈ দিছে৷ আজিৰ বিদ্যালয়গৃহ নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, বিপিএফ কৰ্মীৰ লগতে স্থানীয় লোক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।