নলবাৰীত এজেৱাইচিপিৰ প্ৰতিবাদ

 08/26/2019 - 16:19

নলবাৰীঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থাৰ সৈতে ৰাজ্য চৰকাৰৰ আলোচনা সম্পন্ন হোৱাৰ বাতৰি প্ৰকাশৰ পিছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন। সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে এ জে ৱাই চি পিয়ে আজি নলবাৰীস্থ মুখ্য কাৰ্যালয়ত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্য্যসূচী।

সংগঠনটোৰ নলবাৰী সমিতিৰ সম্পাদক নিৰোদ দাসৰ নেতৃত্বত ৰূপায়িত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰক দাবী জনায় ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। অন্যথা চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।