মহানগৰীত ৰাজগড় শ্বপিং কৰ্ণাৰ মুকলি

 08/26/2019 - 16:23

গুৱাহাটীঃ মহানগৰীৰ ৰাজগড়ৰ ৬নং উপপথৰ সন্মুখত ৰবিবাৰে "ৰাজগড় শ্বপিং কৰ্ণাৰ" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। প্ৰতিষ্ঠানখন মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ উদ্যোগ বিভাগৰ মুখ্য প্ৰবন্ধক পংকজ হাজৰিকাই।

প্ৰতিষ্ঠানখনত গ্ৰাহকে নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব। উল্লেখযোগ্য যে শিলপুখুৰী শ্বপিং কৰ্ণাৰে ৰবিবাৰে তেওঁলোকৰ আনটো কেন্দ্র ৰাজগড়ত "ৰাজগড় শ্বপিং কৰ্ণাৰ" হিচাপে মুকলি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।