সৰুপথাৰত নৃশংস হত্যাকাণ্ড

 04/03/2019 - 14:28

সৰুপথাৰ: গোলাঘাট জিলাৰ সৰুপথাৰৰ চুঙাজানৰ ৰায়পথাৰ গাঁৱত আজি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ ৰাজেশ ৰায় নামৰ এজন ব্যক্তিয়ে মৰিয়াই মৰিয়াই হত্যা কৰে জীতেন ৰায় নামৰ আন এজন ব্যক্তিক৷

প্ৰাপ্ত খবৰ মতে, বাৰীৰ সীমা বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ফলতে সংঘটিত হয় এই ঘটনাটো৷ পুৱা প্ৰায় ৮ বজাত দুয়োজনৰ মাজত মাৰপিট লাগে৷ ৰাজেশ ৰায়ৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে ঢলি পৰে জীতেন ৰায়৷

পিচত পৰিয়ালৰ লোকে ততাতৈয়াকৈ সৰুপথাৰ সমূহীয়া স্বাস্হ্য কেন্দ্ৰলৈ লৈ আনে যদিও চিকৎসকে উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালযলৈ প্ৰেৰণ কৰে৷ কিন্তু চিকিৎসাধীন অৱস্হাতে দুপৰীয়া মৃত্যুক সাৱটি লয় জীতেন ৰায়ে৷

ইপিনে, আৰক্ষীয়ে হত্যাকাৰী ৰাজেশ ৰায়ক আটক কৰিছে৷ নিহত জীতেন ৰায় আছিল ৰায়পথাৰ গাৱৰ গাওঁবুঢ়া৷ আনহাতে, ঘটনাৰ পিচতে গাওঁখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লগতে হত্যাকাৰী জীতেনৰ ঘৰত ৰাইজে আক্ৰমণ কৰাৰো আশংকাই দেখা দিছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।