উত্তৰ গুৱাহাটীত অভিশপ্ত নাও দুৰ্ঘটনাৰ নিহতসকলৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন

 08/26/2019 - 17:38

আমিনগাঁওঃ আজি অভিশপ্ত নাও দুৰ্ঘটনাৰ নিহতসকলৰ প্ৰথম মৃত্যু বাৰ্ষিকী তিথি। এবছৰৰ আগে ৫ ছেপ্টেম্বৰৰ দিনটোতে সংঘটিত হৈছিল অভিশপ্ত নাও দুৰ্ঘটনাটো। কৰুণভাৱে প্ৰাণ আহুতি দিছিল অংকিতা বৰুৱা, ডিম্পী বৰা আৰু ৰাহুল আলীয়ে। তেওঁলোকৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী তিথি। উদয়ীমান শিল্পী কমল আজিও নিখোঁজ। এই সকল উদীয়মান প্ৰতিভাক অকালতে হেৰুৱাই সমগ্ৰ উত্তৰ গুৱাহাটীবাসী মৰ্মাহত হৈছিল। আজি উত্তৰ গুৱাহাটী শিলসাঁকোস্থিত অংকিতা বৰুৱাৰ ঘৰত পিতৃ অৰূপ বৰুৱাৰ বাসভৱনত সমূহীয়াভাৱে ভাগৱত পাঠ কৰি মৃতসকলৰ আত্মাৰ সদগতিৰ বাবে প্রাৰ্থনা জনোৱা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডিম্পী বৰা আৰু ৰাহুল আলীৰ পৰিয়াল, বন্ধুবৰ্গৰ লগতে নিখোঁজ হৈ থকা কমল দাসৰ পৰিয়ালৰ লোক উপস্থিত হৈ প্ৰাৰ্থনাত ভাগ লয়। দুৰ্ঘটনাত নিহত হোৱা কটন বিশ্ববিদ্যালয় অংকিতাৰ পিতৃ অৰূপ বৰুৱাই ক্ষোভ উজাৰিলে জলপৰিবহণ বিভাগ আৰু মন্ত্ৰী বিধায়কৰ প্ৰতি। অংকিতাৰ লগতে মৃত নিখোঁজসকলে নাপালে ন্যায়। নহ’ল সুচল যাতায়ত ব্যৱস্থা। ৰং দিয়া জাহাজেৰে ঠগিলে উত্তৰ গুৱাহাটীবাসীক। অংকতি পিতৃ পৰিয়ালক নালাগে ক্ষতিপূৰণৰ ধন। ক্ষতিপূৰণৰ পৰিবৰ্তে কটন বিশ্ববিদ্যালয় এটা বাৰ্ষিক বঁটা প্ৰদান কৰা বাবে দাবী তুলিলে। যাতে ছাত্ৰীগৰকীৰ স্মৃতি যুগমীয়া কৰিব পাৰি।

সেইদৰে উত্তৰ গুৱাহাটী এখন স্কুল খোলাৰ পৰিকল্পনা বিষয়ে জানিবলৈ দিয়ে। চৰকাৰী তদন্ত অগ্ৰগতি সম্বন্ধে শোধা প্ৰশ্নৰ উত্তৰ জিষ্ণু বৰুৱা তদন্তত মুঠেই সন্তুষ্ট নহয় বুলি জনোৱাৰ লগতে চিবিআইৰ তদন্ত দাবী জনায়। আনহাতে নিখোঁজ কমল দাসৰ একো সন্ধান নোলোৱাত হতাশ হৈ পৰিছে পৰিয়ালটি। চৰকাৰৰো খবৰ ল’বলৈ নাই আহৰি।

কমল দাসৰ পিতৃ উমা দাসে অশ্ৰুসিক্ত নয়নেৰে কয় যে শীঘ্ৰেই কমল স্মৃতিত এখন সংগীত বিদ্যালয় স্থাপন কৰাৰ কথা ব্যক্ত কৰে। শোকাবহ দুৰ্ঘটনাই কঁপাই তুলিছিল সমগ্ৰ অসম। নিষিদ্ধ হৈছিল ভটভটী সেৱা। ৰাইজে আশা কৰিছিল আমূল পৰিৱৰ্তন হ’ব জল যাতায়ত ব্যৱস্থাৰ। কিন্তু সকলো মিছা আজি উত্তৰপৰীয়া ৰাইজ বঞ্চিত অত্যাধুনিক জল যাতায়ত পৰা। সকলো ঘোষণা, ঘোষণা হৈয়ে থাকিল। ন্যায় পাবনে মৃতৰ পৰিয়ালে? সেয়া এতিয়া সৰৱ চৰ্চা উত্তৰ গুৱাহাটীত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।