মাজগাঁওত এছ.আই.অৰ সাধাৰণ সভা সম্পন্ন

 08/26/2019 - 18:11

হাউলীঃ বৰপেটা জিলাৰ মাজগাঁওৰ পটা জামিয়া-ই-হজৰত গিয়াছ উদ্দিন মডেল মাদ্ৰাছা প্ৰাংগনত ষ্টুডেণ্টচ্ ইছলামিক অৰ্গেনাইজেশ্বন অফ ইণ্ডিয়া (এছ আই অ) মাজগাওঁ স্থানীয় চাৰ্কোলৰ উদ্যোগত ৰবিবাৰে দিনৰ ১১ বজাত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত চাৰ্কুলৰ সভাপতি হাফিজ ইনামুল হকে পৰিচালনা কৰে য'ত স্থানীয় যুৱক মৌলানা শ্বাজমুল খানে দৰছে কোৰআন পাঠ কৰে।

সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সম্পাদক ইউছুফ কুৰেশ্বী, এছ.আই.অৰ ৰাজ্যিক জনসংযোগ সম্পাদক আজনুৰ হ'ক আৰু স্থানীয় সাংবাদিক এছ,কে, মইনুল হকে। সংগঠনৰ উদেশ্য লক্ষ্য আৰু আদৰ্শ সমাজ গঠনত এছ.আই.অৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিস্তাৰিত ভাৱে আলোচনা কৰে আজনুৰ হকে।

অতিথি ইউছুফ কুৰেশ্বী সমাজ গঠনত ছাত্ৰ যুৱক সকলৰ ভুমিকা সন্দৰ্ভত বক্তব্য ৰাখে আৰু ছাত্ৰ ছাত্ৰী সকলক কয় যে, নিজকে সৎ নিকা চৰিত্ৰবান হিচাপে গঢ় দিব লাগিব আৰু সুশিক্ষাৰে শিক্ষিত হ'ব লাগিব। সাংবাদিক মাইনুল হকে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বিশেষ কেতবোৰ পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। উক্ত সভাখনত হাফিজ আজিজুল হাকিম আৰু এছ আই অৰ কৰ্মী দেলুৱাৰ ৰহমানে প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰে লগতে চাৰ্কোলৰ সভাপতিয়ে সভাৰ অন্তত সকলোকে ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।