কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল

 08/26/2019 - 18:49

গুৱাহাটীঃ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদ মেল অনুষ্ঠিত কৰে। বৰাই সংবাদ মেলত কয় যে বিজেপি চৰকাৰে অসমৰ চাহ ধ্বংস কৰিবলৈ ওলাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটৰ আশাত বহহ প্ৰতিশ্ৰুতি দিছিল চাহ জনজাতি লোকসকলক। কিল্তু সম্প্ৰতি মাত্ৰ ২০ শতাংশ বোনাচ দিবলৈহে ৰাজি হৈছে। চাহ বাগিচাৰ লোকসকলক ১৫০০ টকাৰ মোবাইল দি নেটৱৰ্ক বঢ়াইছে বিজেপি চৰকাৰে।

কিন্তু চাহ শ্ৰমিকসকলক ৩৫১ টকা দিন হাজিৰা দিয়াৰ কাৰণে সক্ষম হোৱা নাই।নিৰ্বাচনৰ সময়ত চাহ বাগানৰ বিদ্যালয়সমূহ চৰকাৰী কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু কাৰ্য্যত হৈ নুঠিল। চাহ বাগানৰ উন্নয়নৰ কাৰণে চৰকাৰে কিয় ১ হাজাৰ কোটি টকীয়া পেকেজ ঘোষনা নকৰিলে বুলি প্ৰশ্ন কৰে। বাগানত ১ হাজাৰ ATM দিয়াৰ কথা কৈছিল বিজেপিয়ে কিন্তু ২৫০ টা দিবলৈ সক্ষম হৈছে বাকী ATM ক’ত গ’ল বুলিও প্ৰশ্ন কৰে।

৩১ আগষ্টত প্ৰকাশ পাব লগা এনআৰচি সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া। এনআৰচিক লৈ বিজেপিয়ে বেছি গুৰুত্ব দিয়া নাই। বিজেপিয়ে এনআৰচিক লৈ বিধি পঠালি দিয়াহে পৰিলক্ষিত হৈছে। এনআৰচি প্ৰকাশ পোৱাৰ পিছত যাতে কোনো ভাৰতীয় লোক বাদ পৰি নাযায় আৰু কোনো বিদেশী লোক এনআৰচিত অন্তৰ্ভুক্ত নহয় তাক লৈ চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষক আহ্বান জনায়। এনআৰচিৰ পৰা বাদ পৰা লোকসকলক কংগ্ৰেছে সহায় কৰিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।