ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ মহাবিদ্যালয় গোট গঠন

 08/27/2019 - 15:34

বিহালীঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। বিশ্বনাথ আঞ্চলিক সমিতিৰ সভাপতি অখিলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক শুভম শইকীয়াই। সভাত সভাৰ সৰ্বসন্মতি ক্ৰমে প্ৰকাশ শৰ্মাক সভাপতি, দিব্যজ্যোতি শইকীয়া, ঈশ্বৰ ছেত্ৰীক যুটীয়া সাধাৰণ সম্পাদক, নাৰায়ণ ছেত্ৰী, গৌতম বসুমতাৰী আৰু নিহাল বৰাক সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি মুঠ ৪১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।

সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেবব্ৰত শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিতোপন হাতীবৰুৱা, বিশ্বনাথ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব বৰা, বিশ্বনাথ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক টুলটুল দাস, সাংবাদিক কাজি জেইদুল ইছলাম, মণ্টু বৰকটকী, আব্দুল বাৰেক, ইকুমণি শইকীয়া, তপন দাসকে ধৰি মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এই সমিতিখন গঠন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।