বিলাসীপাৰাৰ চিৰাকুটাত পথ দুৰ্ঘটনা

 08/27/2019 - 16:19

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটাত দেওবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ চাপৰ অভিমুখে গৈ থকা মাৰুতি চুজুকী এখনে মহতিয়াই নিয়ে এগৰাকী ৬০ বছৰীয়া বৃদ্ধক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধজনক বিলাসীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও সংকটজনক অৱস্থাত বঙাইগাঁৱৰ লৱাৰ আসাম হাস্পতাললৈ প্ৰেৰণ কৰে যদিও বৃদ্ধগৰাকীৰ মৃত্যু হয়।

বৃদ্ধজন যমদুৱাৰ ২য় খণ্ড গাঁৱৰ ছোৰহাফ আলী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি চুজুকীখনৰ নম্বৰ আছিল AS 26 A 8093৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।