ৰঙিয়াৰ কানিকুছিত মহিলাৰ মৃতদেহ উদ্ধাৰ

 08/27/2019 - 16:26

ৰঙিয়াঃ ৰঙিয়াৰ কানিকুছিত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হয়। কানিকুছিৰ মৰা নৈত উদ্ধাৰ হোৱা মঞ্জু দেবী নামৰ মহিলা গৰাকীক হত্যা কৰা হৈছে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰে। উল্লেখ্য যে মাজনিশাৰ পৰাই ঘৰৰ পৰা নিখোজ হৈ আছিল মহিলাগৰাকী।

নৈৰ পাৰত মাছমৰীয়াই চেন্দেল প্ৰত্যক্ষ কৰি খবৰ দিয়াতহে সন্ধান চলে মহিলাগৰাকীৰ। এই খবৰ পোৱা লগে লগে আৰক্ষী লগতে SDRFৰ দল ঘটনাস্থলীত উপস্থিত হয় মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে এয়া হত্যা নে আন কিবা ঘটনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।