অভয়াপুৰী অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ চৌহদত অজগৰ সাপ উদ্ধাৰ

 08/27/2019 - 16:48

অভয়াপুৰীঃ অভয়াপুৰী অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ চৌহদত অজগৰ সাপ উদ্ধাৰ। আজি পুৱাৰ ভাগত ডিউটিত নিয়োজিত বাহিনীৰ জোৱানসকলে বাহিনীটোৰ অধিনায়কৰ বাসগৃহৰ সন্মুখত অজগৰটো প্ৰত্যক্ষ কৰি অভয়াপুৰী বনবিভাগক অবগত কৰে।

বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰ কৰি অভয়াপুৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে। পৰবৰ্তী সময়ত অজগৰটো ভৈৰবচৃড়া পাহাৰত এৰি দিয়া হব বুলি বনবিভাগৰ এটি সূত্ৰই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।