কামপুৰৰ নতুন মাজৰআটিত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ বৃদ্ধা

 08/27/2019 - 16:55

কামৰুপঃ সোমবাৰে নিশা নগাওঁ জিলাৰ কামপুৰত এক হৃদয় বিদাৰক ঘটণা সংঘটিত হয়। মুমূৰ্ষু   অৱস্থাত পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰৱ হয় এগৰাকী  বৃদ্ধা। কামপুৰ কঠিয়াতলী্ পথৰ নতুন মাজৰআটিত প্ৰায় সত্তৰ বছৰীয়া বৃদ্ধা গৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰে। মুমূৰ্ষু অৱস্থাত কামপুৰ কঠিয়াতলী পথৰ কাষৰ ঘাঁহৰ ওপৰত কেকাই কেকাই শুই আছিল বৃদ্ধা গৰাকী।

স্থানীয় লোকে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে। বৃদ্ধা গৰাকীয়ে নেপালী ভাষাত কথোপকথন কৰিছে যদিও ভালকৈ কোনো কথাই কব পৰা নাই। বৃদ্ধা গৰাকীৰ ঘৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত বুলি প্ৰকাশ কৰিছে যদিও আন কোনো কথা ভালকৈ কব পৰা নাই। বৰ্তমান কামপুৰ থানাই বৃদ্ধা গৰাকীক ৰাঙলুৰ বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।