মানকাচৰৰ ব্যৱসায়ীক অপহৰণ কৰি ধন লুট দুৰ্বৃত্তৰ

 08/27/2019 - 17:03

হাটশিঙিমাৰীঃ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰী পাৰা বালুৰচৰ গাঁৱৰ ব্যৱসায়ী আব্দুল শহিদ বেপাৰীয়ে অলপতে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বাৰেংগা পাৰালৈ টেম্পুৰে যোৱাৰ সময়ত এদল দুৰ্বৃত্তই বাট আগচি ধৰি টেম্পুৰ পৰা নমাই অপহৰন কৰি লৈ যায়। পিছত ব্যৱসায়ী আব্দুল শহিদ বেপাৰীৰ লগত থকা ২ লাখ ২৩ হাজাৰ কাঢ়ি লোৱাৰ লগতে চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰে আৰু পিষ্টলেৰে গুলীয়াব ধৰাত লোকজনে চিঞৰ-বাখৰ কৰে।

স্থানীয় ৰাইজে আগবাঢ়ি যোৱাত দুবৃৰ্ত্তৰ দলটো লোকজনক এৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত ব্যৱসায়ী আব্দুল শহিদ বেপাৰীয়ে পশ্চিম গাৰো পাহাৰ জিলাৰ বাৰেংগাপাৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। এজাহাৰত উল্লেখ কৰা মতে উক্ত অপহৰণ আৰু ধন লুটৰ কাণ্ডত মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰী পাৰা বেপাৰীপাৰা গাঁৱৰ ৰিবুল মিয়া, মুন্নাফ মিয়া, মজিদ মিয়া, ঠাকুৰানবাৰী গাঁৱৰ নাজিৰ হোচেন জড়িত আছিল।

উক্ত যুৱক চাৰি জনৰ উপৰি গাৰো সম্প্ৰদায়ৰ পাঁচ গৰাকী অস্ত্ৰধাৰী যুবক লগত আছিল। অনতি পলমে উক্ত ঘটনাৰ লগত জড়িত সকলক আটক কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।