পুৰণিগুদামৰ ভেৰভেৰী দেউৰী গাঁৱত বোকা ভাওনা সম্পন্ন

 08/27/2019 - 17:11

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ ভেৰভেৰী দেউৰী গাঁৱত বিগত বৰ্ষসমূহৰ দৰে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা "বোকা ভাওনা অথবা পঙ্কোৎসৱ" এই বছৰো হৰ্ষোৎল্লাহৰ মাজৰে গাঁওখনৰ স্থানীয় ৰাইজে সম্পন্ন কৰে৷ পুৰণিগুদামৰ ভেৰভেৰী দেউৰী গাঁৱত নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক এৰিব নোৱাৰা আকৰ্ষনীয় অনুষ্ঠান৷

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পিছৰ একাদশীৰ তিথিত প্ৰতিবছৰে উলহ-মালহেৰে গাঁওবাসীয়ে বিগত বহু বছৰ ধৰি পঙ্কোৎসৱ ভাগ পৰম্পৰাগতভাৱে পতি আহিছে। পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনযোৰা কাৰ্য্যসূচীত গাঁৱৰ সকলো ৰাইজে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত নাম প্ৰসঙ্গৰ অন্তত বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা ঠাইখনলৈ গোসাঁইলৈ আগবঢ়োৱা এখনি শৰাই শোভাযাত্ৰা কৰি আনি পূৰ্বৰে পৰা বোকা ভাওনাৰ বাবে প্ৰস্তুত কৰি থোৱা এটা পুখুৰী সদৃশ বোকাময় খালত সেই শৰাই ভাগ নীতি-নিয়মৰ মাজেৰে বিসৰ্জন দিয়ে।

তাৰ পিছতেই বহু কেইজোপা কলগছেৰে আবৃত বোকাময় পুখুৰীটোৰ চাৰিওফালে অংশগ্ৰহণ কৰিব খোজা পুৰুষ তথা গাঁৱৰ যুৱকসকলে শাৰী পাতি বহি গায়ন-বায়নৰ সহযোগত নাম-প্ৰসঙ্গ কৰে আৰু শেষত আনন্দ মনেৰে আটাইয়ে বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেছে আৰু ইজনে সিজনলৈ বোকা ছতিয়াই ধেমালি কৰি মনৰ আনন্দ প্ৰকাশ কৰে৷

বোকা ভাওনাৰ শেষত অংশগ্ৰহণকাৰী যুৱকসকলে পুনৰ স্নান কৰি নামঘৰত সেৱা লৈ ভকত সকলৰ সৈতে প্ৰসাদ গ্ৰহণ কৰি দিনযোৰা কাৰ্য্যসূচীৰ সমৰণি মাৰে। ইফালে স্থানীয় ৰাইজ আৰু দৰ্শনাৰ্থী ভক্তবৃন্দই মিটিকাৰে ফোট ল’বলৈ পবিত্ৰ অঞ্জলি সদৃশ বোকামাটি সংগ্ৰহ কৰে৷ প্ৰবাদ আছে যে এই বোকা ভাওনা অথবা পঙ্কোৎসৱত ভাগ ল'লে তথা উৎসৱ থলিৰ বোকা মাটিৰ মাটিকাৰ ফোট ল'লে, গাত লগালে দেহত চৰ্মৰোগ হোৱাৰ শংকা নথকাৰ লগতে অঞ্চলটোত ৰাইজৰ কোনো অনাকাঙ্ক্ষিত বিলাই-বিপত্তি নোহোৱা হয়।

গাঁও দুখনৰ জ্যেষ্ঠসকলৰ মতে, অসমীয়াৰ গৌৰৱ-উজ্জ্বল কলা-সংস্কৃতি-পৰম্পৰা এনে ধৰণৰে সামূহিকভাৱে উপস্থাপন কৰি উত্তৰ প্ৰজন্মৰ আগত নিদৰ্শন দাঙি ধৰাৰ প্ৰচেষ্টা কৰা হৈছে যাতে ভৱিষ্যতেয়ো বৃহত্তৰ অঞ্চলটোত অক্ষুন্ন থাকে এই যাউতিযুগীয়া পৰম্পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।