মঙলদৈঃ দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তগত ধূলা থানাত আৰক্ষীয়ে জব্দ কৰা ৬ টা উটৰ ভিতৰত আজি এটা উটৰ মৃত্যুৰ হয়৷ এতিয়াও মৃত্যুৰ ক্ষণ গণি আছে বাকী ৫টা উটে৷ নীতি বহিৰ্ভূতভাবে উটকেইটা ৰাজস্থানৰ পৰা দৰঙলৈ অনাৰ বাবে বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত বজাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল। উল্লেখ যে যোৱা ১০ আগষ্টত দৰং জিলাৰ টাংনি সাপ্তাহিক বজাৰৰ পৰা ধূলা থানাৰ আৰক্ষীয়ে জব্দ কৰিছিল ৬ টাকৈ উট। ঈদৰ কুৰবানীৰ বাবে বিক্ৰীৰ উদ্দেশ্যৰে অনা উটকেইটা জব্দৰ পিছৰে পৰা আইনি প্ৰক্ৰিয়াত বন্দী হৈ বিগত এপষেক ধূলা থানা চৌহদত ৰ’দে-বৰষুণে মুকলি ঠাইত ৰখাৰ পিছত উটকেইটা শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল।
এফালে খাদ্যৰ অভাৱ আনফালে নিমিলা জলবায়ুৰ বাবে মৃত্যুৰ ক্ষণ গণিছে উটকেইটাই। সম্প্ৰতি জিলা সত্ৰ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা উটকেইটাৰ স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে। ভাৰতীয় জীৱ জন্তু কল্যাণ বোৰ্ডৰ অধ্যক্ষ সুজিত চৌধুৰীয়ে বিগত ১৬ আগষ্টৰ পৰা উটকেইটা ৰাজস্থানলৈ ওভটাই নিয়াৰ বাবে আৰু সুৰক্ষা প্ৰদানৰ বাবে দিনে নিশাই প্ৰচেষ্টা চলাই আছিল যদিও আজি তাৰে এটা উটৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে প্ৰকৃতিপ্ৰেমীসকলক।
ইতিমধ্যে ৰাজস্থান কেমেল এক্ট ২০১৫ মতে উট ৰাজস্থানৰ বাহিৰলৈ নিব নোৱাৰা লগতে কোনেও বিক্ৰী কৰিব নোৱাৰে অথবা খাব নোৱাৰে বুলি দাবী কৰে ভাৰতীয় জীৱ জন্তু কল্যাণ বোৰ্ডৰ অধ্যক্ষ সুজিত চৌধুৰীয়ে। সম্পত্তি উট দুষ্প্ৰাপ্য প্ৰাণীসমূহৰ এবিধ হিচাপে ঘোষণা কৰাত ইয়াক সংৰক্ষিত প্ৰাণীৰ শাৰীত ধৰা হৈছে। সেয়েহে বোকা পানীৰ মাজত বিগত ১৫ দিনে আবদ্ধ থকা উটকেইটা শীঘ্ৰে উদ্ধাৰৰ ব্যৱস্থা কৰি মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ দাবী উত্থাপিত হৈছে।