শ্ৰীৰামপুৰঃ পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বি টি চি দখলৰ বাবে সাংসদ নৱ কুমাৰ শৰণীয়াই ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। আগন্তুক বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰি বি টি চি নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি সংখ্যাগৰিষ্ঠ আসন লাভ কৰি বিটিচি দখলৰ পৰিকল্পনা কৰা নৱ শৰণীয়াই আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ লগত মতবিনিময় কৰে।
তেওঁ ৰাইজক নিৰ্ভয়ে আৰু গণতান্ত্ৰিকভাৱে একনায়কতন্ত্ৰী শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনায়। তেওঁ আজি গোসাঁইগাঁও মহকুমাৰ সংখ্যালঘু আৰু কোচৰাজবংশী সংখ্যাধিক্য অঞ্চললৈ আহি ৰাইজৰ লগত মতবিনিময় কৰি কয় যে বি টি চি গঠন কৰাৰ পাছৰে পৰা শাসনাধিষ্ঠ দলটোৱে অঞ্চল আৰু ৰাইজৰ উন্নয়ন কৰাৰ বিপৰীতে নিজৰ হে উন্নতি কৰিছে। শাসনাধিষ্ঠ দলৰ নেতা-পালিনেতা আৰু একাংশ ধূৰ্ত্ত দলীয় কৰ্মীৰ বাহিৰে সাধাৰণ ৰাইজে কোনো স্বাৰ্থ পোৱা নাই। ৰাস্তা-ঘাট নিৰ্মাণৰ নামত চৰকাৰে আবণ্টন দিয়া ধনৰ শৰাধ হে হৈছে।
উন্নয়নৰ ধনেৰে নেতাসকলে দেশৰ বিভিন্ন স্থানত বিলাসী অট্টালিকা নিৰ্মাণ কৰিছে বুলি শৰণীয়াই অভিযোগ কৰে। তেওঁ আৰু কয় যে হাগ্ৰামা নেৰ্তৃত্বাধীন বি পি এফ দলৰ পতন অনিবাৰ্য আৰু ৰাইজে পৰিবৰ্তনৰ বাবে উদ্বাউল হৈ পৰিছে। আগন্তুক বি টি চি নিৰ্বাচনত হাগ্ৰামাৰ হাতৰ পৰা বি টি চিৰ শাসনক্ষমতা ৰাইজে বেলটৰ জৰিয়তে লাভ কৰাটো কেৱল সময়ৰ অপেক্ষা। হাগ্ৰামাৰ ভুৱা প্ৰতিশ্ৰুতি তথা ভয় ভাবুকিত ৰাইজ আৰু পতিয়ন নাযায়। ৰাইজক ঐক্যবদ্ধ হৈ কোনো লোভ-লালসাত ভোল নগৈ বি টি চিৰ ক্ষমতা দখলৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনায় সাংসদ শৰণীয়াই।
তেওঁ লগতে কয় যে মোক হত্যা কৰিলেও শাসকীয় দলটোৱে আৰু ক্ষমতা ধৰি ৰাখিব নোৱাৰে কাৰন ৰাইজে ইতিমধ্যে বি টি চিত শাসকদলৰ পৰিৱৰ্তনৰ বাবে অংগীকাৰবদ্ধ হৈছে। ভয়ভীতি দেখুৱাই তথা টকাৰ প্ৰলোভন দেখুৱাই হাগ্ৰামাৰ দলে ভোট কিনিবলৈ চেষ্টা কৰিব কিন্তু ৰাইজক সজাগ আৰু সচেতন থকাৰ বাবেও তেওঁ অনুৰোধ কৰে। উল্লেখ্য যে সাংসদ শৰণীয়াই আজি গোসাঁইগাঁৱৰ টকেয়ামাৰী, অণ্ঠাইবাৰী। বাবুবিল, কচুৱা, বাঙলাবাৰী, পদ্মপুখুৰী, গোসাঁইগাঁও হাৰভাংগা আদি অঞ্চল ভ্ৰমন কৰি ৰাইজৰ লগত মতবিনিময় কৰে।