গুৱাহাটীঃ ৰাজপথত চিটিবাছৰ দৌৰাত্ম্য দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। এখন চিটিবাছে আনখন চিটিবাছক অ’ভাৰটেক কৰিবলৈ অৱতীৰ্ণ হয় অঘোষিত প্ৰতিযোগিতাত। ফলত সময়ে সময়ে চিটিবাছৰ দ্বাৰা সংঘটিত হোৱা পথ দুৰ্ঘটনাসমূহৰ খবৰ শুনিবলৈ পোৱা যায়।
পুনৰ মহানগৰীত চিটিবাছে প্ৰাণ কাঢ়িলে এজন লোকৰ। চানমাৰি থানাৰ অন্তর্গত শিলপুখুৰীত মংগলবাৰে সন্ধিয়া সংঘটিত হৈছে এই পথ দুর্ঘটনা। জালুকবাৰীৰ পৰা নাৰেংগী অভিমুখী এখন তীব্রবেগী চিটিবাছে এজন ডিঅ’ আৰােহীক মহটিয়াই নিয়ে। এই ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় ডিঅ’ আৰােহী বিনয় বড়ােৰ।
আৰক্ষী সূত্রই জনােৱামতে, প্রায় ৮.২০ বজাত শিলপুখুৰীৰ ৰাজহুৱা নামঘৰৰ সন্মুখত এ এছ-০১ জে চি১২৯৭ নম্বৰৰ এখন চিটিবাছে একে দিশেৰে যােৱা এ এছ-০১ ডি এইচ-৪০৫১ নম্বৰৰ এখন ডিঅ’ক খুন্দা মাৰি কিছু দূৰলৈকে চোঁচৰাই নিয়ে। এই দুর্ঘটনাত থিতাতে প্রাণ হেৰুৱায় ডিঅ'খনৰ আৰােহীজনে।
পিচত চানমাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বৰবাৰী নিবাসী বিনয় বড়ােৰ মৃতদেহ জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ লগতে বাছখনৰ চালক বীৰেন কলিতা আৰু কণ্ডাক্টৰ বাবু আলীক গ্রেপ্তাৰ কৰে।