08/27/2019 - 17:46
in
নলবাৰীঃ গোৱাত অনুষ্ঠিত সৰ্বভাৰতীয় মাল্টি লিংগুৱেল "৭ সংখ্যক মোহনছ ৰাণ্ড মহোৎসৱ ২০১৯" ত অসমৰ জীয়ৰী প্ৰিয়ংকা কলিতাই তিনিটাকৈ পুৰস্কাৰ কঢ়িয়াই আনে। উল্লেখ্য যে গোৱাত যোৱা ২৭ জুলাইৰ পৰা ২৯ জুলাইলৈ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় মাল্টি লিংগুৱেল "৭ সংখ্যক মোহন ৰাণ্ড মহোৎসৱ ২০১৯" ত পোন প্ৰথম বাৰৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তিনিটাকৈ পুৰস্কাৰ বুটলি আনে।
তেওঁ বৰগীতত প্ৰথম, ৱেষ্টাৰ্ণ ভোকেলত প্ৰথম আৰু ইনষ্টুমেণ্টেল গানত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। প্ৰিয়ংকা কলিতা অসমৰ নলবাৰী জিলাৰ ঘোহকুছি গাঁৱৰ দ্বিজেন কলিতা আৰু দিপ্তী কলিতাৰ কন্যা। প্ৰিয়ংকা কলিতা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ববনী মিউজিক একাডেমীত শিক্ষা গ্ৰহণ কৰি আছে। তেওঁৰ গুৰু ববনীতা শৰ্মা।