বৰপেটাঃ উত্তৰ বৰপেটাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী লিকু চৌধুৰীৰ সোমবাৰে সন্ধিয়া মৃত্যু হয়৷ উল্লেখ্য যে যোৱা ১১ আগষ্টত বৰপেটা চহৰত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকী৷ লগে লগে পৰিয়ালৰ লোকে তেওঁক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়৷
পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএনআৰচিত আৰু ৰহমান হাস্পতালত ভৰ্তি কৰায় যদিও কোনো সুফল নোপোৱাত কালি পুনৰ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ আহে৷ কিন্তু কালি সন্ধিয়া চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৪৬ বছৰ৷
তেখেতৰ জানাজা নামাজ আজি পুৱা মুছলিমপট্টি ঈদগাহ ময়দানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, পুত্ৰ, চাৰিজন ভাই, তিনি জনী ভনী ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতি, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে।