জাগীৰোডঃ বিগত তিনিবছৰ ধৰি জাগীৰোড স্থিত নগাঁওৰ কাগজ কলৰ কৰ্মচাৰীয়ে দৰমহা লাভ নকৰাত কাগজ কলৰ হাজাৰ হাজাৰ কৰ্মচাৰী পইচাৰ অভাৱত বহু কষ্টৰে দিন অতিৱাহিত কৰিব লগীয়াত পৰিছে। কাগজ কলৰ কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীয়ে পইচাৰ অভাৱত শিক্ষাৰ গ্ৰহণতো জটিলতাৰ সন্মুখীন হৈছে। কাগজ কলৰ কৰ্মচাৰীসকলৰ সতি-সন্তানৰ লিখা পঢ়াৰ এই সমস্যাক কিছু পৰিমানে সকাহ দিয়াৰ উদ্দেশ্যৰে আগুৱাই আহিছে অসম নাগৰিক সমাজ। মঙলবাৰে জাগিৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ বি চি নেওগৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সমাজৰ এক গাম্ভীয্যপূৰ্ণ সভাত জাগীৰোড স্থিত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ ছাত্ৰ-ছাত্ৰী সন্তান সকলক প্ৰত্যেককে ১০,০০০ টকাৰ চেক প্ৰদান কৰে। ১০,০০০ টকা গ্ৰহন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অবিভাৱক সকলে সাময়িকভাৱে আপ্লোত হৈ পৰে।
এই দহ হাজাৰ টকাই ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সম্পূ্ণভাৱে সমাধান কৰিৱ নোৱাৰে যদিও সাময়িকভাবে বহুখিনি সকাহ প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। এই সভাত সভাপতিৰ ভাষণত জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ বি চি নেওঁগে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যা কৰি কয় যে ''আজি তোমালোকৰ জীৱনত অমাৱস্যাৰ অন্ধকাৰ বিৰাজমান। এই অন্ধকাৰক ভয় নকৰি আন্ধাৰৰ সৈতে যুদ্ধ কৰি সততাৰে আগুৱাই যোৱা পূৰ্ণিমাৰ পোহৰ নিশ্বয় দেখা পাবা’’। আজিৰ নাগৰিক সমাজৰ সভাত উপস্থিত থাকে নগাঁও কাগজ কলৰ অফিচৰ এছচিয়েশ্বন আৰু কাগজ কলৰ ৱৰ্কাৰ্চ লগতে উপস্থিত থাকে অসম নাগৰিক সমাজৰ উপসভাপতি প্ৰসান্ত বাজগুৰু, সাঃ সম্পাদক পৰ্শ মালাকাৰ আৰু কোষাধ্যক্ষ সিদ্ধেশ্বৰ দাস। ইউনিয়নে কাগজ কলৰ কৰ্মচাৰীৰ সতি সন্তান ছাত্ৰ-ছাত্ৰী সকলৰ তালিকা প্ৰকাশ কৰাত সহায় কৰিছিল নাগৰিক সমাজক।