'জনছন এণ্ড জনছন' বেবী ছেম্পুত পোৱা গৈছে বিষাক্ত দ্ৰব্য

 04/03/2019 - 15:23

ডিজিটেল ডেস্ক: আমি শিশুক ব্যৱহাৰ কৰা ছেম্পু,পাউদাৰবোৰ কিমান সুৰক্ষিত। সুগন্ধিযুক্ত এই সামগ্ৰীবোৰে শিশুসকলৰ অপকাৰ কৰে নেকি? নে এই সামগ্ৰীবোৰে শিশুৰ জীৱনলৈ কঢ়িয়াব পাৰে ভাবুকি? হয়, আপুনি ঠিকেই শুনিছে।

আমি শিশুক ব্যৱহাৰ কৰা ছেম্পু,পাউদাৰত পোৱা গৈছে ভয়াৱহ দেহ ক্ষতিকাৰক দ্ৰব্য। 'জনছন এণ্ড জনছন' বেবী ছেম্পুত পোৱা গৈছে কেন্সাৰ কাৰক দ্ৰব্য। ৰাজস্থানত কৰা এক পৰীক্ষামূলক তথ্যত এই ছেম্পুত কাৰ্চিনোজেন পোৱা গৈছে। এই পৰীক্ষাৰ কেইমাহমান আগতে 'জনছন এণ্ড জনছন' বেবী পাউদাৰটো পৰীক্ষা কৰা হৈছিল।

ফেব্ৰুৱাৰী মাহত কৰা এই পৰীক্ষাত কেন্সাৰকাৰক দ্ৰব্য এজবেজটচ পোৱা হোৱা নাছিল। যাৰ ফলত কোম্পানীটোৱে পাউদাৰটো পুনৰ বনোৱাৰ কাম আৰম্ভ কৰিছিল। কিনত্ত এতিয়া জনছন এণ্ড জনছন' বেবী ছেম্পুৰ ২৪টা বটলৰ ওপৰত কৰা পৰীক্ষাত ছেম্পুটোত কেন্সাৰ কাৰক দ্ৰব্য কাৰ্চিনোজেন পোৱা গৈছে।

ৰাজস্থানৰ ড্ৰ'গ নিৰীক্ষক ৰাজা ৰাম শৰ্মাই জনোৱা মতে, এই পৰীক্ষাত ছেম্পুত ফাৰ্মল্ডেহাইড পোৱা গৈছে। কিন্ত্ত 'জনছন এণ্ড জনছন' কোম্পানীটোৱে পূৰ্বতে দাবী কৰিছিল যে তেওঁলোকে তেনে কোনো অপকাৰী দ্ৰব্য মিহলি কৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।