ছহিদ তিলক ডেকাক স্মৰণ ৰহাৰ বাৰপূজীয়াবাসীৰ

 08/28/2019 - 14:42

ৰহাঃ '৪২ৰ ছহিদ তিলক ডেকাক স্মৰণ কৰিলে ৰহাৰ বাৰপূজীয়াবাসীয়ে। বুধবাৰে বাৰপূজীয়াত বিভিন্ন কাৰ্যসূচীয়ে পালন কৰা হয় ৪২ৰ ছহিদ তিলক ডেকা স্মৃতি দিৱস। বাৰপূজীয়া ছহিদ দিৱস উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই ছহিদ দিৱসত অংশগ্ৰহণ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। শ শ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই ছহিদ দিৱসৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু ছহিদ তিলক ডেকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে বিধায়িকা আঙুৰলতা ডেকাই।

তদুপলক্ষে ভাষণ দি বিধায়িকা ডেকাই ছহিদৰ ত্যাগক সোঁৱৰাৰ লগতে প্ৰতিদিনে অন্ততঃ এটা সমাজৰ হিতৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। ইপিনে ৪২ৰ ছহিদৰ পৰিয়াল চৰকাৰীভাৱে উপেক্ষিত বুলি উঠা অভিযোগৰ সম্পৰ্কত আঙুৰলতা ডেকাই কয় যে বিজেপিৰ চৰকাৰৰ কাৰ্যকালত ছহিদসকলৰ পৰিয়ালৰ বাবে কাম কৰিছে ছহিদসকলৰ আৱক্ষমূৰ্তি নিৰ্মাণৰ কমো আৰম্ভ হৈছে। উল্লেখ্য যে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত বাৰপূজীয়া অঞ্চলৰ তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈয়ে বৃটিছ সেনাৰ গুলীত মৃত্যুবৰণ কৰিছিল। ২৬ আগষ্টত হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈ আৰু ২৮ আগষ্টত তিলক ডেকাক ইংৰাজ সৈন্যই গুলীয়াই হত্যা কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।