নিৰ্বাচনী প্ৰচাৰৰ নামত শব্দ প্ৰদূষণ কৰা গাড়ী জব্দ ফ্লায়িং স্কোৱাডৰ

 04/03/2019 - 16:13

মৰিগাঁওঃ সমগ্ৰ দেশতে এতিয়া লোকসভা নিৰ্বাচনৰ ঢৌ। অসমতো বলিছে নিৰ্বাচনৰ গৰম বতাহ। ৰাজনৈতিক দলসমূহেও ভোটাৰক আকৃষ্ট কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱতো নিৰ্বাচনী গৰম বতাহ বলিছে। শাসক-বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰাৰ সময়তে মঙলবাৰে বিজেপিৰ মিত্ৰ দল জাতীয় ঐক্য মঞ্চৰ নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰা এখন গাড়ী ফ্লায়িং স্কোৱাডে জব্দ কৰা ঘটনাই ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰে।

উল্লেখ্য যে নগাওঁ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ কেইবাদিন ধৰি জাতীয় ঐক্য মঞ্চ আৰু বিজেপিৰ পতাকা লগাই এএছ ২৫ এচি ৭৫১৪ নম্বৰ বলেৰ’ ট্ৰাকখনত আগপিনে তিনিটাকৈ মাইকৰ হৰ্ণ আৰু পিছপিনে চাৰিটাকৈ বৃহৎ শব্দৰ বক্স বান্ধি লৈ মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত দুজনমান যুৱকে এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আছিল।

জিলা নিৰ্বাচনী বিষয়াৰ অনুমতি অবিহনে চলোৱা এই প্ৰচাৰ কাৰ্যৰ বাবে  মৰিগাঁও নগৰত ফ্লায়িং স্কোৱাডৰ এটা গোটে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উক্ত গাড়ীখন জব্দ কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।