পাকিস্তানে তিনিদিনৰ বাবে বন্ধ কৰিলে কৰাচী উৰণক্ষেত্ৰ

 08/28/2019 - 18:01

ডিজিটেল ডেস্কঃ পাকিস্তানে তিনিদিনৰ বাবে বন্ধ কৰিলে কৰাচী উৰণক্ষেত্ৰ। ইমৰাণ খানৰ এই সিদ্ধান্তৰ পিছত কৰাচী উৰণক্ষেত্ৰত কোনো দেশৰ বিমানৰ উৰণৰ অনুমতি নাথাকিব। পাকিস্তান চৰকাৰৰ মন্ত্ৰী ফৱাদ হুছেইন চৌধুৰীয়ে ইয়াৰ পূৰ্বে কৈছিল যে ইমৰাণ খানে ভাৰতৰ বাবে সকলো উৰণক্ষেত্ৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে চিন্তা–চৰ্চা কৰি আছে। অৱশ্যে কাৰিকৰী সমস্যাৰ বাবেহে কৰাচী উৰণক্ষেত্ৰ বন্ধ কৰা বুলি প্ৰকাশ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই।

ইয়াৰ পূৰ্বে পাকিস্তানৰ মন্ত্ৰী ফৱাদ হুছেইন চৌধুৰীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ বাবে সম্পূৰ্ণৰূপে উৰণক্ষেত্ৰ বন্ধ কৰিব পাৰে। ইয়াৰ লগতে আফগানিস্তান আৰু ভাৰতৰ মাজত হ’বলগীয়া বাণিজ্যৰ বাবে পাকিস্তানী পথ ব্যৱহাৰতো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিব পাৰে। ইমৰাণ খানৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ বাবে এয়াৰস্পেচ আৰু স্থলপথ ব্যৱহাৰত নিষেধাজ্ঞাৰ সিদ্ধান্ত লৈছে পাকিস্তানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।