সৰুপথাৰঃ সৰুপথাৰৰ নাওজান পথত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অটো আৰু আই ২০ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ৯জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্তসকলৰ মাজত আছে দুটি কেঁচুৱা। এটা কেঁচুৱাৰ এখন হাত ভাঙি যায় দুৰ্ঘটনাৰ ফলত। সংকটজনক অৱস্থাত আটাইকেইজন সৰুপথাৰ সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনা সংঘটিত কৰা i20 বাহনখনৰ নম্বৰ AS12V2955। উল্লেখ্য যে অটোত অহা লোক কেইজনৰ ঘৰ কাৰ্বি আংলঙৰ বোকাজানৰ অমৰাজানত। সৰুপথাৰত এল এন টি মাইক্ৰ’ফাইনেঞ্চৰ কামত আহিছিল পৰিয়ালটো। কিন্তু তেওঁলোক সৰুপথাৰ পৰা বোকাজানলৈ ওভতোতেই নলনি অঞ্চলত ডিমাপুৰৰ পৰা মেৰাপানীলৈ গৈ থকা এখন তীব্ৰবেগী i20 বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয়।
অটোৰ আৰোহীয়ে জানিবলৈ দিয়ে যে i20 বাহনখন নিয়ন্ত্ৰণহীনভাৱে আহি তীব্ৰ বেগত অটোখন মহতিয়াই নিয়ে। ফলত দুটি শিশুসহ অটেখনত থকা ৭ জন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অটোত অহা আতাইকেইজন লোক একেটা পৰিয়ালৰে। ইফালে i20 বাহনৰো দুজন লোক আহত হয়। আহতসকলৰ অৱস্থা গুৰুতৰ হোৱাত আতাইকেইজনকে প্ৰেৰণ কৰে গোলাঘাটলৈ।