বৰপেটাঃ ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ময়মতালিৰ বাবেই অসম আৰু অসমীয়াৰ বাবে 'সৰ্বনাশ'ৰ দলিল ৰূপে পৰিগণিত হ’ব। আৰু ইয়াৰ বাবে ভবিষ্যৎ প্ৰজন্মৰ ওচৰত অসমৰ নতুন বদনৰূপে পৰিগণিত হ’ব আছু আৰু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চ মানি লৈ আছু আৰু গণসংগ্ৰাম পৰিষদ যেনেদৰে বৰ্তমান জনসাধাৰনৰ সমালোচনাৰ পাত্ৰ হৈছে ঠিক সেইদৰে এনআৰচি প্ৰকাশ পোৱাৰ পিছতো আছু সাধাৰন জনতাৰ ঘৃনাৰ পাত্ৰ হ’ব।
ইয়াৰ কাৰণ এই এনআৰচি কোনোমতেই শুদ্ধ আৰু বিদেশীমুক্ত এনআৰচি নহয়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত এইদৰে মত ব্যক্ত কৰে সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে। বিশ্বাসে এইক্ষেত্ৰত আৰু কয় যে এই এনআৰচিত কমেও পোন্ধৰৰ পৰা বিশ লাখ প্ৰকৃত ভাৰতীয় হিন্দু-মুছলমানৰ নাম বাদ পৰিব। আৰু তাৰ বিপৰীতে সমসংখ্যক বাংলাদেশীৰ নাম সন্নিবিষ্ট হ’ব। যাৰ বাবে এনআৰচিৰ পৰা বঞ্চিত প্ৰকৃত ভাৰতীয়সকলে ৰাজ্যখনত উত্তাল পৰিবেশ সৃষ্টি কৰিবলৈ বাধ্য হ’ব।
সেয়ে এনে সন্ধিক্ষণত আইন শৃংখলা নিয়ন্ত্ৰনৰ বাহিৰলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হ’ব। তেতিয়া হয়তো প্ৰতীক হাজেলা পলাই পত্ৰং দিব আৰু ভুক্তভোগী হ’ব অসমৰ জনতা। সেয়ে সময় থাকোতেই ৰাজ্য চৰকাৰে কেেন্দ্ৰীয় চৰকাৰৰ সহযোগত এনআৰচিৰ অন্তিম খচৰা প্ৰকাশত স্থগিতাদেশৰ ব্যবস্থা কৰাওক বুলিও ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে বাঙালী যৌথ সংগ্ৰাম সমিতিৰ সভাপতি সুকুমাৰ বিশ্বাসে।