এম চি মেৰীকমক এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ পুৰস্কাৰ প্ৰদান

 08/28/2019 - 18:17

ডিজিটেল ডেস্কঃ মালেয়েছিয়াৰ ছানৱে পিৰামিড হোটেলত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত মঙলবাৰে মহিলা বক্সিং চেম্পিয়ন এম চি মেৰীকমক এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানত বক্সাৰ গৰাকী উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।