লামডিং বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

 08/28/2019 - 18:28

লামডিংঃ এক আজৱ কাণ্ড সংঘটিত হয় ৰে’ল নগৰী লামডিঙত। সমগ্র ৰাজ্যত চলি আছে বিদ্যুতৰ সংকট। লামডিং সাধুকুটিৰ ৩ নম্বৰ ৱার্ডৰ বাসিন্দা গীতাৰানী ধৰ পৰিয়াললৈ বিদ্যুতৰ একমাহৰ বিল আহিছে ১ লাখ ৩০ হেজাৰ টকা। পৰিয়ালৰ অভিযোগ মতে প্রত্যেক মাহে বিল আহে ১০০০ পৰা ১২০০ টকা।

হঠাৎ ইমান বিল অহাত পৰিয়ালটোলৈ নামি আহিছে এক আতংক। দৈনিক মাত্ৰ ৪-৫ ঘণ্টা বিদ্যুৎ যোগান ধৰি গ্রাহকলৈ এনে ধৰণৰ বিল পঠোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। বিদ্যুতৰ বিল সন্দৰ্ভত বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কানসাৰ নাই বিভাগীয় কর্তৃপক্ষৰ। ফলত যমৰ যাতনা ভুগিবলগা হৈছে লামডিঙৰ সাধাৰণ বিদ্যুৎ গ্রাহকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।