নিৰ্বাচনৰ সময়ত উৰাবাতৰি ৰোধত সষ্টম হােৱাটছএপ

 04/03/2019 - 16:41

নতুন দিল্লীঃ লােকসভা নির্বাচনৰ সময়ছােৱাত উৰাবাতৰি প্ৰচাৰ ৰােধৰ উদ্দেশ্যে ‘চেকপইন্ট টিপলাইন’ মুকলি কৰিছে হােৱাটছএপ প্রতিষ্ঠানটোৱে।

এই ব্যৱস্থাৰ জৰিয়তে হােৱাটছএপ ব্যৱহাৰকাৰীসকলে তেওঁলােকে লাভ কৰা বিভিন্ন বা-বাতৰি, লিংক, ফটো, ভিডিঅ’ আদি প্রকৃত নে ভুৱা সেয়া জানিব পাৰিব।

প্ৰট' নামৰ এটা ষ্টার্টআপ প্রতিষ্ঠানে হােৱাটছএপৰ বাবে মুকলি কৰা এই ব্যৱস্থাৰ জৰিয়তে সত্যাসত্য নিৰূপণ কৰা হ'ব।

মঙলবাৰৰ পৰাই ভাৰতত এই সেৱা আৰম্ভ হৈছে। হােৱাটছএপ ব্যৱহাৰকাৰীসকলে, তেওঁলােকে লাভ কৰা লিংক, ভিডিঅ', অডিঅ', বিভিন্নধৰণৰ বা বাতৰি, ছবি ইত্যাদি প্রকৃত নে ভুৱা সেই বিষয়ে জনাৰ বাবে তেনে তথ্য-পাতি হোৱাটছএপযােগে চেক পইন্ট টিপলাইনলৈ এই নম্বৰত প্ৰেৰণ কৰিব পাৰিব ৯১-৯ ৬৪৩-০০০৮৮৮।

ইয়াৰ পিচতে প্ৰট’ৰ ভেৰিফিকেচন চেণ্টাৰত এনে তথ্য-পাতি পৰীক্ষা কৰি সেয়া প্রকৃত নে ভুৱা সেই বিষয়ে নির্দিষ্ট ব্যৱহাৰকাৰীগৰাকীক অৱগত কৰা হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।